পৃষ্ঠা:Kirtan Ghosha.pdf/৮১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯৬
[ ঘোষা ৭৬৩
নাম-ঘোষা

কলি-ধৰ্ম্ম

ৰাম-কৃষ্ণ-নাম ভকতৰ নৱ নিধি।
কলি-যুগে বেকত কৰিলে কোন বিধি॥ ৫৬৩
ধন্য ধন্য কলিৰ লোকৰ মহাভাগ।
সৰ্ব্ব ধৰ্ম্ম ঠেলি ৰাম-নাম ভৈলা আগ॥ ৫৬৪
কলিত কীৰ্ত্তন যিটো কৰে হৰিনাম।
তাৰ আৰ আচৰিবে নাথাকিল কাম॥ ৫৬৫
নাহিকে কলিত ধৰ্ম্ম কীৰ্ত্তনত সম।
যিটো গাৱে হৰি-গুণ সিসি নাৰোত্তম॥ ৫৬৬
কলিত কীৰ্ত্তনে মিলিবেক মহাভাগ।
সংসাৰক তৰি মাধৱক পাইবা লাগ॥ ৫৬৭

নাম

কেশৱ কমলাকান্ত অনন্ত অনাদি।
নিত্য নিৰঞ্জন শুদ্ধ বুদ্ধ বেদ-বাদী॥ ৫৬৮
জয় জয় জগত-জনক জগজীৱ।
অনন্ত অচ্যুত সনাতন সদাশিৱ॥ ৫৬৯
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ নাম।
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম॥ ৫৭০


পা ৫৬৪॥ মহাভাগ—কিনো ভাগ্য।