পৃষ্ঠা:Kirtan Ghosha.pdf/৮১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৫৬২]
৭৯৫
প্ৰশংসা

ৰামকৃষ্ণ-নামক আনন্দে যিটো ধৰে।
বংশে সমে তৰয় হৰিকো বশ্য কৰে॥ ৫৫৪
হৰি-গুণ গাৱে যিটো কৰিয়া নিশ্চয়।
হৰিক সুহৃদ পাৱে মৃত্যু কোন হয়॥ ৫৫৫
যাৰা সৱে ৰাম-নাম গাৱয় হৰিযে।
তাপ দূৰ হোৱে মনে অমৃত বৰিষে॥ ৫৫৬
ৰাম-কৃষ্ণ-হৰি-নাম পৰম অমৃত।
যিটো মহাজনে লৱে হোৱে কৃতকৃত্য।৷ ৫৫৭
হৰি-গুণ কীৰ্ত্তন স্বভাৱ ভৈলা যাৰ।
সংসাৰত দুৰ্ল্লভ থাকিল কিবা তাৰ॥ ৫৫৮
কিনো ভাগ্য কিনো ভাগ্য কলিৰ প্ৰজাৰ।
হৰি-গুণ-কীৰ্ত্তনে স্বধৰ্ম্ম ভৈল যাৰ॥
হৰি-গুণ-নামক কীৰ্ত্তন যিটো কৰে।
কলিৰ দোষক বঞ্চিলেক সিটো নৰে॥ ৫৬০
ৰাম-নাম লৈয়া পাপীজনো তৰে সুখে।
হেন ৰাম-নামৰ ভণ্ডাৰ ভৈলা মুখে॥ ৫৬১
যিসৱ চতুৰ নৰে বিষ্ণুক ভজয়।
পৰম কৃতাৰ্থ ভৈলা সিটো মহাশয়॥ ৫৬২


পা ৫৫৫॥ হয়—ভয়।
 ৫৫৮॥ স্বধৰ্ম্ম—স্বভাৱ।