পৃষ্ঠা:Kirtan Ghosha.pdf/৮১৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


নাম-ঘােষা [se কমনে ভজিবাে হৰি চৰণ তােহ্মাৰ। দুৰ্ঘোৰ মায়ায়ে মন, মুহিলে আহ্মাৰ। ৫৪৫ ৰাম বুলি তৰিবাে দঢ়াই আছে মন। তুমি হৰি দীনবন্ধু পতিত-পাৱন ॥ ৫৪৬ পতিত-পাৱন ৰাম-কৃষ্ণ কৃপাসিন্ধু। আমি পতিতক নছাড়িবা দীনবন্ধু । ৫৪৭ হে হৰি মােৰে প্ৰাণ জীৱন মুৰাৰি। অনাথৰ নাথ ভকতৰ ভয়হাৰী। ৫৪৮ শ্ৰীৰাম-নামত ৰতি মিলিল যাহাৰ। সিসি ভাগ্যৱন্তে পাৱে সংসাৰৰ পাৰ ৫৪৯ হৰি-গুণ ভকতৰ কৰ্ণৰ ভূষণ। যিটো সদা বােলে ৰাম সিসি মহাজন। ৫৫০ নিত্যানন্দময় ৰাম ভকতৰ ধন। হৰি বিনে আন ধন সৱে অকাৰণ৷ ৫৫১ সংসাৰত নাহি ধৰ্ম্ম হৰি-নাম-সম। যিটো সদা বােলে ৰাম সিসি নৰােত্তম ॥ ৫৫২ আন ধৰ্ম্ম নাহি হৰি-নামক উপাম। হৰিৰ বল্লভ যিটো সদা বােলে ৰম৷ ৫৫৩ ৪। হেবা।