পৃষ্ঠা:Kirtan Ghosha.pdf/৮০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯০
[ঘোষা ৫০৮
নামঘোষা

হৰি-নাম-কীৰ্ত্তনৰ শবদ তুমুল।
আনন্দৰ ভৰে হােৱে ভকত আকুল।৷ ৫৮
ৰাম-কৃষ্ণ-নামৰ দেখিয়ো কেন বল।
অধমকো কৰে নামে পৰম নির্ম্মল ॥ ৫০৯
হৰি-নামে নাহিকে নিয়ম অধিকাৰী।
ৰাম বুলি তৰে মিৰি আসম কছাৰী ॥ ৫১০
ৰাম-কৃষ্ণ-নাম-সম নাহিকে বান্ধৱ ।
ৰাম-কৃষ্ণ-নামে মিলে পৰম উৎসৱ ।৷ ৫১১
ভকতজনৰ হৰি-নামেসে সর্ব্বস।
মুকুতিকো ঠেলি আগ হােৱে হৰি-যশ।৷ ৫১২
ৰাম-কৃষ্ণ-নামেসে ছিণ্ডয় ভৱ-বন্ধ।
মিলয় মনত সুখ পৰম আনন্দ॥ ৫১৩
ৰাম কৃষ্ণ ভাবিতে তেজয় কাল-সাপে।
হৰি-ভকতক দুখ দিবে কাৰ বাপে ৷৷ ৫১৪
হৰিৰ কীৰ্ত্তন শুনি হুয়া মহাভয়।
কাল মৃত্যু দুয়াে তৰতৰিয়া কাম্পয়॥ ৫১৫
কমনে জানিবা হৰি-নামৰ মহিমা।
ব্ৰহ্মা হৰ অনন্তে নপাৱে যাৰ সীমা।৷ ৫১৬
হৰি-গুণ-নাম,-যশ ভকতি-উত্তম।
যাৰ ধ্বনি শুনি কাম্পে কলি কাল যম।৷ ৫১৭


পা ৫১০ ৷৷ আসম—অসম।
 ৫১২॥ ৰসেৰ-- সুখৰ।