পৃষ্ঠা:Kirtan Ghosha.pdf/৮০২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


যোৰা ৪৫৪] উপদেশ কৃষ্ণপদ-সেৱা-সুখ পৰম দুভ। হৰি-সেৱা তৈলে আন সকলে সুলভ॥ ৪৪৪ কৃষ্ণপাদ-পদ্ম ভৈল ধাহাৰ আশ্ৰয়। তাহাবেসে গুচয় নিঃশেষ দুখ-ভয়। ৪৪৫ হৰি-কীৰ্ত্তনত ভাই নকৰিয়ে। হেলা। এহিসে ৰাখিবে ঘোৰ সঙ্কটৰ বেলা ৪৪৬ হৰি পদ-পঙ্কজত পশিয়ো শৰণে। দিয়োক একান্ত চিত্ত হৰিৰ মণে॥ ৪৪৭ দুল্লভতো দুৰ্লভ হৰিৰ গুণ-নাম। জানিয়া কীৰ্তন কৰা তেজি আন কাম ৪ ৪৪৮ হৰি-গুণ-কীৰ্ত্তন কলিৰ নিজ ধৰ্ম। জানিবাহা সমস্তে শাস্ত্ৰৰ তত্ত্ব-মৰ্ম্ম। ৪৪৯ ৰাম-নাম লৈয়া পাপীজন তৰে সুখে। হেন ৰাম-নামৰ ভণ্ডাৰ ভৈল মুখে। ৪৫০ যি মুখে বুলিবে ৰাম সি মুখে ভণ্ডাৰ। সদায়ে ভাবিয়ো ৰাম ক্ষয় নাহি আৰ। ৪৫১ ভাবিতে ভাবিতে ৰাম ৰস চড়ে আতি। আলাস তেজিয়া ৰাম বদলা দিনে ৰাতি॥ ৪৫২ অনন্তু সে নিষ ৰামকৃষ্ণ-নাম। মুখ ভৰি ভৰিয়া সদায়ে বোলা ৰাম॥ ৪৫৩ পাশ ৪৪৭। চৰণেনে। ৫। বাম-কাম—২ৰি।