পৃষ্ঠা:Kirtan Ghosha.pdf/৭৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যো ৪১৬] উপদেশ নাৰ নমো হৰি নাৰায়ণ ৰাম ৰাম ৰাম। সৰ্ব-ধৰ্ম্ম-শিৰোমণি তুৱা গুণ-নাম # ৪৮ বন্দোহো গোৱিন্দ ৰাম মুকুন্দ মাধৱ। যাক সুমৰণে তৰি পাপ-পৰভব ৪০৯ নমো কি নমো ৰাম নমো নাৰায়ণ। অনাদি অনন্তু সন্ত শিৱ সনাতন॥ ৪১০ জয় নমো নাৰায়ণ দৈৱকী-নন্দন। পৰমপুৰুষ সদাশিৱ সনাতন। ৪১১ হৰি বোল হৰি বোল কৰি মন থিৰ। তেৱেসে সাফল হোৱে মনুষ্য-শৰীৰ॥ ৪১২ হৰি-গুণ গাৱ ভাই কৰিয়া উৎসৱ। গুণতেসে তুষ্ট গুণ- বুধ মাধৱ। ৪১৩ আনন্দ কৰিয়া হৰি-গুণ গাৱা যেৱে। ভৱ-সিন্ধু তৰিয়া হৰিক পাইবা তেৱে। ৪১৪ হৰি-গুণ গাৰ ভাই আনন্দ কৰি মনে। চিন্তামণি-তনু ভাই বিফল কৰ কেনে। ৪১৫ আন পৰিহৰিয়া হৰিক মনে ধৰা। হৰি-গুণ গায়া ভাই জন্ম সফল কৰা ৪১৬ o>.