পৃষ্ঠা:Kirtan Ghosha.pdf/৭৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৩৬১]
৭৬৭
নাম


শ্ৰৱণ কীৰ্ত্তন কৰি মহামুখে
 পাপীও সংসাৰ তৰে॥ ৩৫৭
পৰম ঈশ্বৰ কৃষ্ণ দেৱতাৰ
 গুণৰ নাহিকে অন্ত।
ইহাৰ তত্ত্বক জানিবা কেৱলে
 শঙ্কৰে মাত্ৰ জানন্ত॥ ৩৫৮

নাম

ৰাম কৃষ্ণ হৰি গোপাল গোৱিন্দ
 মুকুন্দ যদু মুৰাৰি।
ভকতৰ-ধন হৃদয়-ৰঞ্জন
 ব্ৰজ-জন-অধিকাৰী॥ ৩৫৯
ৰাম অনন্ত প্ৰভু ভগৱন্ত
নিত্য নিৰঞ্জন দানৱ-গঞ্জন
 সজ্জন-জন-ৰঞ্জন॥ ৩৬০
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰঘুপতি
 ৰাঘৱ ৰঘু-নন্দন।
অনাদি অনন্ত শিৱ সনাতন
 অচ্যুত জগ-বন্দন॥ ৩৬১


পা* ৩৫৯॥ হৃদয়-ৰঞ্জন - জীৱৰ জীৱন।