পৃষ্ঠা:Kirtan Ghosha.pdf/৭৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ২৩৫
৭৩৯
উপদেশ

সদা ৰাম কৃষ্ণ  হৰি বোল ভাই
 তেজিয়া মনে কপট।
হৰিৰ তলপ  লৈয়া যম-দুতে
 চাপিয়া আছে নিকট। ২৩১
ৰাম কৃষ্ণ ৰাম  হৰি বোল ভাই
 নামে নকৰিয়ো হেলা।
হৰিৰ নামৰ  মাজত সমস্তে
 ভকতি-সুখৰ মেলা॥ ২৩২
ৰাম কৃষ্ণ হৰি  ৰাম কৃষ্ণ, হৰি
 ভাবিয়ো ভাৱক ভাই।
ৰাম কৃষ্ণ হৰি  গোপাল বুলিয়া
 বঞ্চিয়ো যমৰ দায়॥ ২৩৩
ৰাম কৃষ্ণ হৰি  ৰাম কৃষ্ণ হৰি
 ৰাম কৃষ্ণ হৰি ৰাম।
ৰাম কৃষ্ণ হৰি  বুলিয়া তেজিয়ো
 ধৰ্ম্ম অৰ্থ মোক্ষ কাম॥ ২৩৪
অজ্ঞান-আন্ধাৰে  পৰিয়া জীৱৰ
 জ্ঞান-পথ ভৈল নাশ।
নাম-অঞ্জনীয়া  বিনে আনমতে
 নপাৱে হৰিব পাশ॥ ২৩৫