পৃষ্ঠা:Kirtan Ghosha.pdf/৭৫৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


নামোখা [ ঘোষ ২২ সদায়ে ভাবিয়োয় ৰাম নাৰায়ণ আলাস কেনে কস। মুখ মাঝে হৰি নামৰ নিৱাস ভুলিয়া কেনে মৰস। ২২৬ গোপাল গোপাল গোপাল গোপাল গোপাল গোৱিন্দ হৰি। ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ বুলিয়ে আনন্দ কৰি৷ ২২৭ দীঘিৰ কৰিয়া বোলা ৰাম হৰি বিলম্ব নকৰ ভাই। কোননো নায়ক যমৰ দায়ক হৰিক সুহৃদ পাই। ২২৮ নমো নিৰঞ্জন দানৱ-গঞ্জন ভকতৰঞ্জন বাম। গোপাল গোবিন্দ মুকুন্দ মুৰি বোলা ভাই অবিশ্ৰাম॥ ২২৯ হৰি-পদে ধৰ অন্যায় নকৰ দুৰ্জ্জন মন পামৰ। সাক্ষী হুয়া হৰি হিয়াৰ ভিতৰে আছা দেৱ ধৰ। ২৩