পৃষ্ঠা:Kirtan Ghosha.pdf/৭৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩৪
[ঘোষা ২০৭
নাম-ঘোষা


দিব্য সহস্ৰেক নাম তিনিবাৰ
 পঢ়ি পাৱে যত ফল।
একবাৰ কৃষ্ণ- নাম উচ্চৰিলে
 পাৱয় তাক সকল॥ ২০৭
যতেক অনৰ্থ আছে সংসাৰত
 তাতে তিনি বিধ সাৰ।
কাম ক্ৰোধ লোভ আপুন-নাশন
 জানি কৰা পৰিহাৰ॥ ২০৮
আত্মা-নাশ-হেতু কাম ক্ৰোধ লোভ
 নৰকৰ তিনি দ্বাৰ।
জানি আক তেজি কেৱলে কৃষ্ণৰ
 ভকতিৰ কৰা সাৰ॥ ২০৯,
কাম ক্ৰোধ লোভ  তেজি যিটো জনে
 ভজয় কৃষ্ণৰ পাৱে।
কৃষ্ণৰ কৃপাত হোৱয় কৃতাৰ্থ
 সুখে মুকুতিক পাৱে॥ ২১০


 ২০৭॥ সহস্ৰনায়া দিৱ্যানাং ত্ৰিৰাৱৃত্ত্য়া তু যৎ ফলং।
 একাৱৃত্ত্য়া তু কৃষ্ণস্য় নামৈকং তন্নিবচ্ছতি॥
২০৮-২০৯॥ ত্ৰিৱিধং নৰকস্য়েদং দ্বাৰং নাশনমাত্মনঃ।
 কামঃ ক্ৰোধস্তণা লোভস্তস্মাদেতভ্ৰয়ং ত্য়জেৎ॥

--ভগৱদগীতা ১৬,২১


 ২১০। এতৈৰ্ৱিমুক্তঃ কৌন্তেয় তমোম্বাৰৈস্ত্ৰিতিৰ্নবঃ।
 আচৰত্যাত্ননঃ শ্ৰেয়স্ততো যাতি পৰাং গতিম্॥

-ভগৱদগীতা ১৬.২২