পৃষ্ঠা:Kirtan Ghosha.pdf/৭৪১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৭২২ নামঘোষা { ঘােষ ১৫৮ অন্তর্যামী-ৰূপে যিহেতু জীৱক সুখ-দুখ ভুঞ্জাৱন্ত । এতেকেসে পৰ মাত্মা নাম ধৰি আছা প্রভু ভগৱন্ত । ১৫৮ পৰম ঈশ্বৰ- স্বৰূপে জীৱৰ আছম্ভ হুয়া আশ্রয়। এতেকেসে তা বুলি নাৰায়ণ নামৰ দিব্য অম্বয় } ১৫৯ অহঙ্কাৰ আদি একোৱে উপাধি কৰিতে নপাৰে ছন্ন। এহিসে কাৰণে মহন্তসকলে বােলে তা নিৰঞ্জন৷ ১৬০ তিনি গুণ-বৃত্তি লুপ্ত তাস্ক নকয়। সেহিষে কাৰণে বেদ-শান্ত্রগণে বােলে তা নিৰাময় । ১৬১ যতেক প্রাকৃত আকাৰ-বর্জিত ভৈলন্ত যিহেতু হৰি। নিৰাকাৰ নাম আছত্ত ঈশ্বৰে ধৰি | ১৬২ মা লক্ষনী- দেৱীক বােলয় তাহান স্বামী ঈশ্বৰ। সেহি হেতুতেসে