পৃষ্ঠা:Kirtan Ghosha.pdf/৭৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যে ১৪৮ ] নামৰ অম্বৰ ঈশ্বৰ কৃষ্ণৰ পদ সেৱন্তে জীৱৰ চ্যুতি গুচয় সংসাৰ অদভুত। এহি হেতুতেসে জানা যতেক মহসৱে ঈশ্বৰক বোলয় অচ্যুত॥ ১৪৪ ঈশ্বৰ কৃষ্ণৰ পদে ভজিয়া অথমসৱো আতিশয় হোৱয় উত্তম। এহি হেতুতেসে জানা লোকত প্ৰসিদ্ধ ভৈল ঈশ্বৰৰ নাম নৰোম। ১৪৫ ঈশ্বৰক জানি নৰে ভজিয়া মায়াক তৰি সিংহ যেন মস্ত নিৰ্ভয়। এতেকেসে ঈশ্বৰৰ নাম নৰসিংহ ভৈল মহাজনসকলে হয় || ১৪৬ ঈশ্বৰৰ পাদ-পদ্ম ভজি শুদ্ধচিত্ত হুয়া অধমো তেজয় বামনিয়। এহি হেতুতেসে থাকি নিৰন্তৰে মহাজনে ঈশ্বৰক বামন বোলয়। ১৪৭ মোক্ষ আদি কৰি সুখ ঈশ্বৰ-সেৱাৰ জানা অণু একো মুহি সমসৰ। এহি হেতু মহাজনে জানিব পৰমানন্দ নাম ধৰি আছন্ত ঈশ্বৰ। ১৪৮ . >881 ন চ্যৱন্তে মহাভক্ত মহাং এলপি। অতোতোহখিল লোকে ভগৱান পৰিকীৰ্ততে। -কাশীশ