পৃষ্ঠা:Kirtan Ghosha.pdf/৭২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যে ১০৭] আত্ম-উপদেশ হে মন তােৰ কাম সঙ্কল্প-বিকল্প- তেজি মিছা ব্যাপাসকল। সদায়ে সঙ্কল্প মাত্র কৰিয়াে সুহৃদ মন কৃষ্ণনাম পৰম মঙ্গল। ১০৩ শুনিয়াে হৃদয় হেৰ ব্ৰহ্মাণ্ড ভিতরে যত বস্তু আছে তােক নােজোড়ায়। তাক তেজি কৃষ্ণ-নাম অক্ষয়, অমৃত পিয়া সন্তোষক লভিয়ে হৃদয় ৷ ১০৪ শুনিয়ােক বুদ্ধি তােৰ কেন্সে নিশ্চয়-ধৰ্ম্ম তেজি সৱে বিনাশী বিষয়। সদা শুদ্ধ সুমঙ্গল অক্ষয় কৃষ্ণ নাম তাকে মাত্ৰ কৰিয়ে নিশ্চয় ॥ ১০৫ জুন হেৰ অহঙ্কাৰ নিচিন্ত আপু যাৰ মিছা অহম্মমক তেজিয়াে। পৰম ঈশ্বৰ কৃষ্ণ হুয়ােক তাহন দাস সাধুসঙ্গে কৃষ্ণক ভজিয়াে১০৬ শুনিয়ােক চিত্ত হে পৰম ৰহস্য বাণী তুমি শুদ্ধ জ্ঞানৰ আলয়। কৃষ্ণ নিত্য শুদ্ধ বুদ্ধ পৰম ঈশ্বৰ দেৱ নাছাড়িবা তাহান আশ্রয় ॥ ১০৭

  • ১৩। ঝালকামলাল।