সমললৈ যাওক

পৃষ্ঠা:Kirtan Ghosha.pdf/৭০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৮৪
[ঘোষা ১৬
নাম-ঘোষা

হুয়া দেৱ দিগম্বৰ  ভস্ম-বিভূষিত-অঙ্গ
 শিৰত ধৰিছা জটা-ভাৰ।
মহেশে সেৱন্ত যাক  হেন হৰি বিনে আন
 কোন শ্ৰেষ্ঠ দেৱ আছে আৰ॥ ১৬
ব্ৰহ্মা আদি দেৱগণে  নিচল সম্পত্তি মনে
 লক্ষ্মীক সেৱন্ত তপ কৰি।
লক্ষ্মীও সেৱন্ত যাক  হেন মহেশ্বৰ বিষ্ণু
 আন কোন দেৱ তাঙ্ক সৰি॥ ১৭
সমস্ত-বেদান্তসাৰ  মহাভাগৱত শাস্ত্ৰ
 ইহাৰ অমৃতৰস পাই।
পৰম সন্তোষে পান  কৰিল যিজনে তাৰ
 অত্ৰ ৰসত ৰতি নাই॥ ১৮
মহাভাগৱত-ৰস  মাধৱৰ নাম-যশ
 আক পান কৰিল যিজনে।


১৬॥ খমুদিশ্য সদা নাথো মহেশোহপি দিগম্বৰঃ।
 জটিলে ভস্মলিপ্তাঙ্গস্তপস্বী ৱীক্ষতে জনৈঃ।
 ততোহৰিকোহন্তি কো দেৱো লক্ষ্মীকান্তমধুদ্বিষঃ॥
 —পদ্ম-পুৰাণ, উত্তৰ খণ্ড
১৭॥ ব্ৰহ্মদয়ো বহতিথং যদপাঙ্গমোক্ষকামাস্তপঃ সমাচৰন্ ভগৱৎপ্ৰপন্নঃ।
 সা শ্ৰী স্বৱাসমৰৱিন্দৱনং ৱিহায় যৎপাদসৌৰমমলং ভজতেহনুবক্তা॥
১৮॥ সৰ্ৱৱেদান্তসাৰং হি ভাগৱতমিষ্যতে।
 ভদ্ৰসামৃততৃপ্তস্য নান্যত্ৰ স্যাদ্ৰতিঃ কচিৎ॥
 —ভাগৱত-পুৰাণ, ১২,১৩,১৫


* ১৭॥ নিচল—নিশ্চল।