যিটোজনে কৃষ্ণ-কথা বিচাৰে সময়ে মনে
ধৈৰ্য্য ধৰি ক্ষণেক থাকয়।
যত তীৰ্থ স্নান দান দেৱ-পিতৃ-যজ্ঞ যাগ
যোগাদিৰো ফলৰু পাৱয়॥ ৯
যাৰ পুত্ৰসৱে ঐত হৰিত শৰণ লৈয়া
হৰি-গুণ গাৱে শুদ্ধভাৱে।
দধি দুগ্ধ ঘৃত মধু নদীৰ জলক পিয়া
পিতৃগণে তৃপিতিক পাৱে॥ ১০
সেহিসে সকলে শাস্ত্ৰ পঢ়িলে শুনিলে সিসি
অনুষ্ঠান সমস্তে কৰিল।
নিৰাশা ঈশ্বৰ কৃষ্ণ তাহাঙ্ক সমুখ ভৈল
আশাক যিজনে পিঠি দিল॥ ১১
অপৱিত্ৰ যিটো আতি পবিত্ৰ হোৱেবা যদি
সমস্তে অৱস্থা আছা পায়া।
৯। স্নাতং তেন সমস্ততীৰ্থসলিলে দত্তা চ পৃথ্বী দ্বিজে
যজ্ঞানাঞ্চ হুতং সহস্ৰমযুতং দেৱাশ্চ সম্পূজিতাঃ।
সদ্য়ম্ভেন সুতৰ্পিতাশ্ব পিতৰঃ স্বৰ্গঞ্চ নীতাঃ পুনঃ
যস্য় ব্ৰহ্ম-ৱিচাৰণে ক্ষণমপি প্ৰাপ্লোতি ধৈৰ্যং মনঃ॥
১০। ৱিহায় সৰ্ৱকৰ্মাণি যে কুৰ্ৱন্তি হৰৌ ৰতিম্।
আস্ফোটয়ন্তি ৱগ্লন্তি তেষাং পিতৃপিতামহাঃ।
তু ক আস্ফোটয়ন্তি পিতৰঃ প্ৰনৃত্যন্তি পিতামহাঃ।
বৈষ্ণৱোহস্মৎকুলে জাতঃ সন্নঃ সন্তাবয়িষ্যতি॥
১১। তেনাধীতং শ্ৰুতং তেন তেন সৰ্ৱমনুষ্ঠিতং॥
যেনাশাং পৃষ্ঠতঃ কৃত্বা নৈৰাশ্য়মৱলম্বিতম্॥
পা ৯॥ ধৈৰ্য্য়-পুথি ধৌজ।