সৰ্ব্বক্ষণে কৰা তুমি আমাত ভকতি।
তোমাৰ সমান কোন আছে ভাগ্যৱতী॥ ৩৫
একান্ত ভক্তিক প্ৰশংসিলা দেৱ হৰি।
সকামী ভক্তক নিন্দা কৰন্ত মুৰাৰি॥
পুত্ৰ-পত্নী-কামে যিটো ভজয় আমাক।
মোহোৰ মায়ায়ে জানা মুহি আছে তাক॥ ৩৬
তপ ব্ৰত ধৰি দুঃখ পায়ে বৃথা শ্ৰমে।
মহা মোক্ষ-দাতা মোক ভজে আন কামে॥
নৰকক মিলে বিষয়ৰ যত দুঃখ।
তাকে লাগি হোৱে লোক মোহোত বিমূখ॥ ৩৭
কিনো মহা ৰঙ্গ মোৰ শুনা গৃহেশ্বৰী।
সদায়ে মোহোৰ সেৱা কৰা ৰঙ্গ কৰি ॥
সংসাৰ-মোচন আকে বুলিয় ভকতি।
অভকত জনে আৰ নুবুজয় গতি॥ ৩৮
স্বামীত ভকত সৰ্ব্ব গুনে সুলক্ষণী।
তোমাৰ সমান মই নেদেখো ঘৰিণী॥
আবো তযু চৰিত্ৰ সুমৰি মোৰ মনে।
আনন্দে আকুল মই হওঁ ঘনে ঘনে॥ ৩৯
যতেক নৃপতি পাই সৱাকে উপেক্ষি।
মোক লাগি বিপ্ৰক পঠাইলা পত্ৰ লেখি॥
পিতৃ মাতৃ ভ্ৰাতৃৰ বচন নুশুনিলা।
সঙ্কেত কৰিয়া মোক আপুনি নিয়াইলা॥ ৪০
তযু ভাই ৰুক্মক মুণ্ডিলো মই ধৰি।
তবু মোক চান্তে তুমি সহিলা সুন্দৰী॥