সমললৈ যাওক

পৃষ্ঠা:Kirtan Ghosha.pdf/৬৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭৪
[পৰিশিষ্ট ৩
কীৰ্ত্তন-ঘোষা


ক্ষমা কৰি দাসী লৈয়ো মোক দামোদৰ।
তোমাৰ পাৱত কৰো এতেক কাতৰ॥ ২০
ভকত-বৎসল প্ৰভু তুমি যদু-পতি।
তোমাৰ চৰণে সদা ৰৌক মোৰ মতি॥
এহি বুলি কান্দে আতি ৰুক্মিণী সুন্দৰী।
নয়নৰ লোতকে তিয়াইলা দুই ভৰি॥ ২১
কৃষ্ণৰ কিঙ্কৰে কহে শুনা সৰ্ব্ব জন।
একান্তে লৈয়োক সৱে হৰিত শৰণ॥
হৰিৰ চৰণ চিন্তি এৰা আন কাম।
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥ ২২

তৃতীয় কীৰ্ত্তন

ঘোষা॥ জগন্নাথ তুৱা পাৱে ৰৌক মোৰ মতি।
 কৰিয়োক দায়া প্ৰভু ভৃত্যক সম্প্ৰতি॥৩

পদ॥ কান্দন্ত কাৰুণ্যে পৰি ৰুক্মিণী সুন্দৰী।
 নয়নৰ লোতক পৰিল সৰসৰি॥
 কৃষ্ণৰ বচনে যেন অগ্নি যায় জ্বলি।
 মহামৰ্ম্মে ৰুক্মিণীৰ গাৱ নিয়ে টলি॥ ২৩
 কতো ক্ষণে চেতন লভিলা মহাসতী।
 মাধৱক বুলিলন্ত কৰিয়া কাকুতি॥
 পৰম অজ্ঞানী মই পাতকী নিশ্চয়।
 আমাত সদয় ভৈলা প্ৰভু কৃপাময়॥ ২৪