পৃষ্ঠা:Kirtan Ghosha.pdf/৬৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ পৰিশিষ্ট ৩]
ৰুক্মিণীৰ প্ৰেম-কলহ
প্ৰথম কীৰ্ত্তন

ঘোষা॥ ৰাম কৃষ্ণ ৰাম হৰি বোলা যত্ন কৰি।
 মাধৱৰ পাদ-পদ্ম হৃদয়ত ধৰি॥ ১


পদ॥ শুকে বোলে শুনা পৰীক্ষিত নৃপবৰ।
 এক দিনা ৰুক্মিণীৰ গৃহে দামোদৰ॥
 ৰত্ন সিংহাসনে হংস-তুলিব উপৰে।
 বলিয়া আছন্ত তাত জগত-ঈশ্বৰে॥১
 ৰুক্মিণীৰ সেৱা দেখি ৰঙ্গে নাৰায়ণ,
 হাসি হাসি ৰুক্মিণীক বুলিলা বচন॥
 তুমি ৰাজ-কুমাৰী আমিসে ক্ষুদ্ৰজন।
 তোমাৰ আমাত কিছু নাহি প্ৰয়োজন॥২
 ৰাজাগণ-ভয়ে থাকো সাগৰৰ মাজে।
 ভয়াতুৰজনক বৰিলা কোন কাজে॥
 স্বৰূপত নোহো মই ৰাজাৰ নন্দন।
 নাহি ৰাজ-চিহ্ন মোত ছত্ৰ সিংহাসন॥ ৩
 উগ্ৰসেন বাজাবেসে থাকো আজ্ঞা ধৰি।
 কোন গুণ দেখি মোক বৰিলা সুন্দৰী॥


এইখণ্ড কীৰ্ত্তন বিষ্ণুপুৰ সত্ৰৰপৰা সংগৃহীত হৈছে।