পৃষ্ঠা:Kirtan Ghosha.pdf/৬৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬৮
[পৰিশিষ্ট ২
কীৰ্ত্তন-ঘোষা


সুদীৰ্ঘ আঙ্গুলিচয়।
চম্পাৰ পাকৰি-নয়॥৩৭

ৰত্নৰ আঙ্গুষ্ঠিচয়।
নখ-চন্দ্ৰ প্ৰকাশয়॥

সুন্দৰ উদৰে দেখা।
আৰকত তিনি ৰেখা॥ ৩৮

নাভি সৰোৰুহ-কান্তি।
ৰত্নৰ কিঙ্কিণী-পান্তি॥

সিংহ-বন্ধ মধ্য দেশ।
সুন্দৰ মধুৰ বেশ॥ ৩৯

বহল নিতম্ব তয়।
কটি-কাঞ্চী ৰত্নময়॥
উৰু কৰিকৰ-সম।
জানু-জঙ্ঘা মনোৰম॥৪০

পদ দুই পদ্ম-কোষ।
শুনি নুপূৰৰ ঘোষ॥
চাৰু আঙ্গুলিৰ পান্তি।
নখ-চন্দ্ৰে কৰৈ কান্তি॥ ৪১

দশো আঙ্গুলিৰ মাজে।
উঝন্টি ৰত্নৰ সাজে॥
জঙ্ঘাত ঘোড়ৰ জ্বলে।
অৰুণ চৰণ তলে ॥৪২


পা ৩৮॥ -(এই পদ নাই)