মাৱৰ গৰ্ভত যেতিক্ষণে লৱে ঠাই।
সেহিক্ষণ হন্তে আয়ু টুটন্তেসে যায় ॥ ১৭২
দিন পক্ষ মাস ভেদ যৱে গণি চাৱে।
দশ মাস দশ দিনে গৰ্ভৰ বজাৱে॥
দিনে দিনে কায়া বাঢ়ে দুৰ্ঘোৰ মায়ায়ে।
আয়ু যায় বুলিয়া চেতন নাহি গাৱে॥ ১৭৩
এড়ি আন বৃথা কথা হুয়ো শুদ্ধমতি।
সততে চিন্তিয়ো আত্মা কৃষ্ণত ভকতি॥
নমো নাৰায়ণ তযু চৰণ যুগল।
ইবাৰ আমাৰ জন্ম নকৰা বিফল॥ ১৭৪
নজানো তোমাৰ তুতি মই মুঢ়-মতি।
নকৰা বঞ্চিত প্ৰভু ইবাৰ সম্প্ৰতি॥
দুঃখৰ কৰুণানিধি কৃপাৰ সাগৰ।
মই দুঃখিতক কৃপা কৰা দামোদৰ॥ ১৭৫
যেনমতে তৰো ইটো দুৰ্ঘোৰ সংসাৰ।
পুনঃ যেন জন্ম মৃত্যু নাহিকে আমাৰ॥
পা ১৭৪-৭৭॥ নমো**** ভূৱনে॥
সত্বৰে চিন্তিয়ো যত্নে কৃষ্ণৰ চৰণ।
সন্নিত চাপিয়া আছা দুৰ্ঘোৰ মৰণ॥
হেনয় মৃত্যুক কেনে নেদেখা সম্প্ৰতি।
কাল মৃত্যু তাৰে জানা হৰিৰ ভকতি॥
ভকতি বিনাই কেহো নপাৰে তাৰিবে।
যিখনে ভকতি কৰে সি নৰে সাৰিবে॥