পৃষ্ঠা:Kirtan Ghosha.pdf/৬৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬২
( পৰিশিষ্ট ১
কীৰ্ত্তন-ঘোষা


হাসি আনি দিলা পাছে টকা তিনি শত।
তাৱক্ষণে বাকি দিলা ৰূপৰ থালত॥ ১৬০
লক্ষ্মীক দিয়োক বুলি আদেশ কৰিলা।
অতি শীঘ্ৰে পৰিচা লক্ষ্মীৰ হাতে দিলা॥
লক্ষ্মীৰ আগত থৈয়া মাতন্ত বিনাই।
ধন দিয়া পঠাইলন্ত মোক যদুৰায়॥ ১৬১
ধন দেখি হাস্য় কৰিলন্ত লক্ষ্মী মাৱে।
ইটো ধন মোক লাগি থৈয়াছে যাদৱে॥
ঠাকুৰৰ বাক্য সঞ্চা পাইলোহো ইবাৰ।
দৌল লাগি আসন্তোক ছাড়ি দিয়ো দ্বাৰ॥ ১৬২
শুনি ৰঙ্গে পৰিচা ত্বৰিতে গৈল চলি।
দ্বাৰীত জনাইল গৈয়া দ্বাৰ দিয়ো মেলি॥
ঠাকুৰত বাৰ্ত্তা গৈয়া দুৱাৰী জনাই।
তোমাক যাইবাৰ আজ্ঞা দিলা লক্ষ্মী আই॥ ১৬৩
হেন শুনি ঠাকুৰৰ আনন্দ মিলিল।
দশো দিশে প্ৰজাগণে জয় জোকাৰিল॥
নানা বাদ্য়-ভণ্ড কবে প্ৰজায়ে সকল।
দশো দিশে ছানি কৰে জয় সুমঙ্গল॥ ১৬৪
উৰুলি-জোকাৰ ৰঙ্গে দেই ঘনে ঘন।
পৰিচাসকলে কৰে কৃষ্ণৰ কীৰ্ত্তন॥
সন্ধ্যা-সময়ত কৰি অনেক উৎসৱ।
দ্বাৰৰ ভিতৰ গৈয়া পাইলন্ত মাধৱ॥ ১৬৫
আসিলন্ত প্ৰভু লক্ষ্মী দেখি হাস্য কৰি।
কৃষ্ণক সাদৰি আসিলন্ত আগ বাঢ়ি॥