হেন গুনি লক্ষ্মী মাৱে বুলিলা বচন।
যাদৱায়ে মোক আবে দিয়া গৈল ধন॥ ১৫৫
মুখত মধুৰ তান কপট-হৃদয়।
বচনেক কৈলে মুখে ধন নাহি হয়॥
চৈত্ৰ মাসে তান ভাই গোৱিন্দ ঠাকুৰ।
পুষ্প-চোৰ পড়ি গৈল মালীয়াৰ ঘৰ॥ ১৫৬
তাঙ্ক দণ্ডি কৰি তিনি শত টকা লৈলা।
মোক নেদি সিটো টঙ্কা কাক লাগি নিলা॥
পৰিচায়ে বোলে আই তুমি মহাভাগী।
প্ৰভু বোলে তাক থৈছো লক্ষ্মীকেসে লাগি॥১৫৭
লক্ষ্মী বোলে যদি মোক লাগি থৈয়া আছে।
দিয়া পঠায়োক নপাইবোহো পাছে॥
তাৱক্ষণে পৰিচায়ে কৃষ্ণক জনাইলা।
তোমাক লাগিয়া প্ৰভু কথা এক কৈলা॥ ১৫৮
গোৱিন্দ প্ৰভুক চোৰ পায়া স্বৰূপত।
বন্দী কৰি লৈয়া আছে টকা তিনি শত॥
মোহোক লাগিয়া পঠাই দিয়ো সিটো ধন।
শুনি হাস্য কৰি প্ৰভু বুলিলা বচন॥ ১৫৯
লক্ষ্মীকেসে লাগি তাক থৈয়া আছো সাঞ্চে।
লক্ষ্মী বিনে আন মোৰ কোন প্ৰিয়া আছে॥
পা ১৫৫॥ যাদৱায়ে.. ধন॥-যাদৱাৱে আসি মোক দিয়া দৰিশন॥
১৫৬॥ বচনেক..হয়॥-বচনে কলষে ঢালে টোপে নপৰয়॥
১৫৭॥ মোক..নিলা॥ --মোহোৰ নিমিত্তে ভাই অসন্তোষ পাইলে॥