লক্ষ্মীকেসে দিয়া গৈলো যত ধন বিত্ত।
তথাপিতো কেনে কোপ কৰে বিপৰীত॥ ১৫২
দিন বহি গৈল ভৈল সূৰ্য্য়-অৱসান।
ক্ষুধায়ে-তৃষায়ে মোৰ যেন ফুটে প্ৰাণ॥
দ্বাৰ ছাড়ি দেওক লক্ষ্মী নকৰি আক্ৰোশ।
ইবাৰ জানিবা সৱে মোৰ ভৈল দোষ॥ ১৫৩
আউৰ গৃহ ছাড়ি মই নযাওঁ নযাওঁ।
শুনিয়ো পৰিচা তুমি এহি কথা কৈয়ো॥
এহিবাৰে কথা যদি সত্য নপাই মোৰ।
আৰু বাৰ গৈলে মোক নেদিবে দুৱাৰ॥ ১৫৪
এহিমতে পৰিচাক দিলন্ত পঠাই।
দ্বাৰ ছাড়ি প্ৰভুক দিয়োক লক্ষ্মী আই॥
পা* ১৫২॥ ( মাজত )
বাৰম্বাৰ তযু ঠাৱে পঠান্ত যাদৱ।
কোপ পৰিহৰি শান্ত দুয়ো লক্ষ্মী মাৱ॥
ঠাকুৰে বোলন্ত লক্ষ্মী কেন কোপ কৰে।
সকলে সৰ্ব্বস্ব মানে থৈয়া গৈলো ঘৰে।
১৫৩॥ ক্ষুধায়ে.... প্ৰাণ॥-
যত লাগে মানে মোক দিলে অপমান।
বিষ্টিত তিতিলো খনো ৰৌদ্ৰত শুখাইলো।
ক্ষুধায়ে তৃষায়ে মঞি বৰ দুঃখ পাইলো॥
১৫৪॥ এহিবাৰে.... দুৱাৰ॥-
এহিবাৰে কথা লক্ষ্মী সঞ্চা পাইবে মোৰ।
নেদিবে দুৱাৰ জেৱে তেৱে জাঞোঁ আউৰ॥
১৫৫॥ এহি.... আই॥-
এহিমতে পঠাইলন্ত পাণ্ডা যদুৰাজ।
দ্বাৰ চাৰি নেদিলে হসিবে সামৰাজ॥