আপুনিসে গৈল লড়ি যাদৱাৰ সঙ্গে।
ননন্দয়ো দুঃখ পাৱে যাদৱাত খঙ্গে॥ ১৪১
সুভদ্ৰা পাইলেক দুঃখ দোষ ভৈল মোৰ।
দ্বাৰ ছাড়ি দিয়ো দ্বাৰী আসোক সত্বৰ॥
শুনিয়া পৰিচা পাছে শীঘ্ৰে গৈল চলি।
দ্বাৰীত কহিলা গৈয়া দ্বাৰ দিয়ো মেলি॥ ১৪২
সুভদ্ৰাত জনাইলেক দ্বাৰ দিলে এড়ি।
শুনিয়া সুভদ্ৰা তাৱক্ষণে গৈলা লড়ি॥
আপুনাৰ গৃহত পশিল বিদ্যমান।
সুভদ্ৰাৰ কথা আৱে থওঁ এহিমান॥ ১৪৩
অনন্তৰে বলভদ্ৰ বুদ্ধিত সুজান।
দেখিলা আছয় বেলি ছয় দণ্ড মান ॥
কেন দুঃখ পাওঁ মই বলোৱে বোলয়।
পঠাইলেক পৰিচাক লক্ষ্মীৰ আলয়॥ ১৪৪
কহ গৈয়া লক্ষ্মী মোক দ্বাৰ দিয়ো মেলি।
শুনিয়া পৰিচা তাৱক্ষণে গৈল চলি॥
লক্ষ্মীৰ আগত কথা কহিলা নিঃশেষ।
অকাৰণে লক্ষ্মী মোক মনে কৰে দ্বেষ॥ ১৪৫
মোক কেনে যাইবাক নেদন্ত লক্ষ্মী আই।
যাদৱাত পৰে মোত কিছু দোষ নাই॥
নেড়িল হঠাতে মঞি গৈলো তান সঙ্গ।
তাতে লক্ষ্মী মোক এতমান কৰে খঙ্গ॥ ১৪৬
ক্ষুধায়ে-তৃষ্ণায়ে তনু কাম্পে আতি মোৰ।
যত দুঃখ পাইলো মঞি কৈয়া নপাওঁ ওৰ॥