এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫২
পৰিশিষ্ট ১
কীৰ্ত্তন-ঘোষা
নানা ভঙ্গি-ভাবে জয়-ধ্বনি-ৰাৱে
লঙ্ঘিলেক স্বৰ্গকোল॥
এহিমতে পাছে প্ৰভু জগন্নাথে
উৎসৱ কৰিয়া যায়
দৌলৰ দ্বাৰত শকট সহিতে
গৈল প্ৰভু যদুৰায়॥ ১১১
দৌল-দ্বাৰ পাই শকট ৰখাই
ৰৈলা তৈতে যদুপতি।
নৰ নাৰী যত পৰিচা সমস্ত
বেড়িয়া ৰৈল চৌভিতি॥
দেখিয়া দুৱাৰী লড়ি ভাৱক্ষণে
লক্ষ্মীত জনাইলা যাই।
শুনা সৰ্ব্বজন কেদিন জীৱন
কেতিক্ষণে প্ৰাণ যায়॥
নজানি অথিতি মিলিল দুৰ্গতি
কৃষ্ণ বিনে বন্ধু নাই।
এড়া আন কাম ডাকা ৰাম ৰাম
চলিয়ো বৈকুণ্ঠ ঠাই॥ ১১২