সমললৈ যাওক

পৃষ্ঠা:Kirtan Ghosha.pdf/৬৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৬}
৬৫১
ঘুনুচা-কীৰ্ত্তন


কৃষ্ণৰ সঙ্গত আছে প্ৰাণী যত
 উৎসৱে কীৰ্ত্তন কৰে।
চলি গৈল প্ৰভু শকটত চড়ি
 আপুনাৰ নিজ ঘৰে॥
ঘোৰাক ছুটিএ{{gap|3em} ৰথক চলাৱে
 কিঞ্চিতেকো মিছা নাই।
দণ্ড চাৰি বেলা ভৈল মাত্ৰে গৈয়া
 নগৰ পাইল দুনাই॥ ১০৯
প্ৰভু আসিবাৰ দেখিয়া আনন্দ
 ভৈল সৱে নৰ-নাৰী।
আনন্দ আশেষ কৰিলা নিশেষ
 কৃষ্ণক ৰঙ্গে আৱৰি॥
পদুলি পদুলি তোৰণ পুতিল
 তুলি থৈল ঘট-জল।
উৰুলি-জোকাৰ সিঞ্চে দুৰ্ব্বাক্ষত
 ঘটৰ উপৰে ফল॥ ১১০
সকল প্ৰজায়ে হৰি হৰি ডাকে
 পড়ে জয় সুমঙ্গল।


পা ১০৯॥ কিঞ্চিতেকো মিছা নাই।-
 তিল মাত্ৰৰ ভিতৰে॥
 বাদ্য় ভণ্ড কৰি চলি গৈল হৰি
 ক্ষণ মাত্ৰে যদুৰায়।
  ১১০॥ আনন্দ .. আৱৰি॥ -- (নাই।)
 তুলি•• জল।—থৈল ডালি চাউল ভৰি।