পৃষ্ঠা:Kirtan Ghosha.pdf/৬৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫০
[খণ্ড ১
কীৰ্ত্তন-ঘোষা


সাত দিন ভৈল  দৌল ছাড়ি আইলো
 আমাৰ মনে আকুলে।
উড়-বুড় কৰি যাইবে লাগে মোৰ
 ইহাতে অকাৰ্য্য় মিলে॥ ১০৬
হুয়া শান্ত-মন থাকা এহি থান
 আসিবো মই দুনাই।
কিন্তু এতিক্ষণে দৌল লাগি যাওঁ
 সিটো মোৰ নিজ ঠাই॥
আনো নানামত বুলিলা বচন
 ঘুনুচাক শান্ত কৰি।
প্ৰভাত সময় জানি কৃপাময়
 গাৱ চালিলন্ত হৰি॥ ১০৭
দেখি দশো দিশে পৰম হৰিষে
 নিসানত দিল বাড়ি।
শকটত চড়ি প্ৰভু গৈল লড়ি
 ঘুনুচাৰ পাশ ছাড়ি॥
বলো সুভদ্ৰায়ে সহিতে যাদৱ
 চলি যান্ত কৌতুহলে।
পৰম আনন্দে গোৱালে শকট
 টানিবাক লৈলা বলে॥ ১০৮


পা ১০৬॥ আমাৰ... আমাৰ মিলে॥ চৌভিতি শত্ৰু সকলে।
 অতি শীঘ্ৰ কৰি  যাইবে লাগে মোৰ
 কোন ঠাই কাৰ্য্য় মিলে॥