সমললৈ যাওক

পৃষ্ঠা:Kirtan Ghosha.pdf/৬৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪৬
পৰিশিষ্ট ১
কীৰ্ত্তন-ঘোষা


নাৰদৰ আগে পূৰ্ব্বে ব্ৰহ্মায়ে কহিলা।
জগন্নাথ যাতো ঘুঞ্চা-গৃহত চলিলা॥
মাধৱৰ পাদ-পদ্ম চিন্তিয়া মনত।
মতি অনুসাৰে নিবন্ধিলো পদ যত॥ ৯৬
নিবন্ধিলো পদ শ্লোক-অৰ্থ অৱগাই।
নকৰিবা নিন্দা মোক শাস্ত্ৰক নাচাই॥
আনো শাস্ত্ৰ মত আনি মিশ্ৰ কৰি মাজে।
পদ্যাৰ্থে ৰচিলো যেৱে বুজে সামৰাজে॥
শ্ৰীধৰ কন্দলি পদ কৰিল প্ৰচাৰ।
ৰাম কৃষ্ণ বুলি তৰা দুৰ্ঘোৰ সংসাৰ॥ ৯৭

ষষ্ঠ কীৰ্ত্তন

ঘোষা॥ যাদৱ মাধৱ দেৱ দামোদৰ
 তযু পাৱে লৈলো বাস।
 পুনঃ নকৰা নৈৰাশ দিন কতিপয়
 থাকি প্ৰভু চলি ষাস॥ ৬

পদ॥ শুনা সৰ্ব্ব জনে  আত অনন্তৰে
 যেন ঠান কথা ভৈল।


পা ৯৭॥ আনো-•••••সামৰাজে॥—(নাই)।
ঘোষা ৬॥ ত্ৰাহি জগন্নাথ  নমো দমাই মাথ
 চৰণে নেৰিবা মোক।
 লক্ষ্মী সমে প্ৰভু  এক থান হুয়া
 দৌলক লাগি যায়োক।