পৃষ্ঠা:Kirtan Ghosha.pdf/৬৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৫ ]
৬৪৫
ঘুনুচা-কীৰ্ত্তন


কেহো বোলে মোক নপাই মাৰিলে ছৱাল।
কেহো বোলে ভাগ্যেসে এড়াইলো মঞি ভাল॥
কেহো বোলে মোৰ বস্তু নিলে এহি ঠাৱে।
চোৱা চোৱা বুলি কতো পিঠিক দেখাৱে॥ ৯০
এহি বুলি নগৰীয়া ৰৈলা সেই ঠাই।
দৌলক বাহুড়ি চলি গৈল লক্ষ্মী আই॥
শীঘ্ৰ বেগে চলি গৈলা কৰি মহোৎসৱ।
কতো বেলি পাইলা গৈয়া আপুনাৰ ঠাৱ॥ ৯১
নাৰীগণে শুনিলা আসিল লক্ষ্মী আই।
ঘট ডালি দীপ লৈয়া তেখণে বঝাই॥
পৰম উৎসৱ কৰি চলিলা সাদৰি।
দৌল লাগি আগ বাঢ়ি নিলেক আৱৰি॥ ৯২
দৌলত পশিয়া লক্ষ্মী আনন্দ মিলাইলা।
যাদৱক লাগিয়া পঞ্চিশ ভোগ দিল॥
অনন্তৰে লক্ষ্মী মাৱে ভোজন কৰিলা।
পদ্মচিনি পিঠা পৰমান্নক ভুঞ্জিলা॥ ৯৩
পৰম উৎসৱে থাকিলন্ত সেহি ঠাৱ।
এহিমানে থৈলো কথা লক্ষ্মীৰ প্ৰভাৱ॥
শুনা জগন্নাথ পাছে যি কৰ্ম্ম কৰিবা।
সপ্তম দিৱস তৈতে কৌতুকে বঞ্চিল॥ ৯৪
অষ্টম দিৱস ভৈল প্ৰভাত-সময়।
দৌলক লাগিয়া গৈল প্ৰভু কৃপাময়॥
শুনিয়োক নৰ-নাৰী কৰি থিৰ মন।
জগন্নাথ-পুৰাণৰ কথা বিতোপন॥ ৯৫