যাদৱৰ বস্তুত মোহোৰ কাৰ্য্য নাই।
ঘুনুচাক লাগি আৱে দিয়োক পঠাই॥
ঘৰ-বাৰী এৰি আইল ঘুনুচাৰ ঘৰে।
আউৰ কাক চাইবে লাগি আসিবে নগৰে॥ ৮৪
যাদৱাৰ বাক্যে মোৰ গাৱ নুজুড়াই॥
গুচি আইল মোক সুধা গৃহতে পেলাই॥
আৰু যাদৱাত মোৰ কিবা আছে আশ।
যাইবাক নলাগে যাদৱ মোৰ পাশ॥ ৮৫
নযাইব নযাইব আউৰ গৃহক দুনাই।
মাৱেকৰ ঘৰত থাকোক এহি ঠাই॥
চলি যাওঁ আসা সৱে আপুনাৰ ঘৰে।
কৈৰ সেনাগণ লাগ লৈয়োক সত্বৰে॥ ৮৬
তেতিক্ষণে আসি নিসানত দিলা বাড়ি।
লক্ষ্মীৰ কটক সৱে শুনিলেক সাৰি॥
লাগ লৈল আসি সৱে আথবেথ কৰি।
চলি গৈলা লক্ষ্মী মাৱ আপুন নগৰী॥৮৭
ঘুনুচাৰ লোকসৱ যেন ধাতু আইল।
দশো দিশ হন্তে আসি নগৰ সোমাইল॥
কেহো বোলে এড়াইলোহো লৱড়ৰ বলে।
কেহো বোলে মোৰ মাত্ৰ বুড়িল কেৱলে॥ ৮৮
কতো বোলে মোৰ মাত্ৰ ভাঙ্গিলেক ঘৰ।
নিলেক সৰ্ব্বস্ব বুলি কান্দে কতো নৰ॥
কেহো বোলে লুড়িলেক ঐত মোক পাই।
কেহো বোলে মোক নপাই মাৰিলে ভৈয়াই॥ ৮৯