পৃষ্ঠা:Kirtan Ghosha.pdf/৬৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৫]
৬৪৩
ঘুনুচা-কীৰ্ত্তন


তযু কটাক্ষক বাঞ্ছা কৰে ব্ৰহ্মা হৰে।
তোমাৰেসে প্ৰসাদত জীৱ চৰাচৰে॥
নমো লক্ষ্মী মাৱ তুমি হুয়োক প্ৰসন্ন।
কোপ পৰিহৰি শুনা কৃষ্ণৰ বচন॥ ৭৮
তোমাক লাগিয়া কৃষ্ণে বুলিয়া পঠাইল।
কি কাৰণে পদ্মা মোক কোপ কৰি আইল॥
সকল সৰ্ব্বস্ব মই এড়ি আইলো ঘৰে।
ঘুনুচাৰ বাড়ী লাগি আইলো একেস্বৰে॥ ৭৯
ধন ৰত্ন দৌল দিয়া আসিলো লক্ষ্মীক।
তথাপিতো লক্ষ্মী মোক কোপ কৰে কিক॥
ঘুনুচাক বিহা কৰি আছোহো নিশ্চয়।
ঐক নাসিলে কি ভাল কোনেবা বোলয়॥ ৮০
অকাৰণে এত মান কৰয় আক্ৰোশ।
ছন্ন কৰে নগৰ প্ৰজাত কিবা দোষ ॥
মোৰ বাক্যে এতিক্ষণে ক্ৰোধ পৰিহৰি।
নগৰক লাগি লক্ষ্মী যাউক বাহুৰি॥ ৮১
কালি প্ৰভাততে মই যাইবো সাৰে সাৰ।
ৰাউক উলটি লক্ষ্মী বাক্য ৰাখি মোৰ॥
তোমাক লাগিয়া বস্তু পঠাই দিলা হৰি।
হেন জানি লক্ষ্মী দেৱী কোপ পৰিহৰি॥ ৮২
পালটিয়া যায়োক মাৱ হুয়া ৰঙ্গ-মন।
শুনি লক্ষ্মী পৰিচাক বুলিলা বচন ॥
বস্তুৰ দুখীয়া মই যাদৱে জানিলা।
এতেকেসে মোক লাগি দধি দুগ্ধ দিলা॥ ৮৩