পৃষ্ঠা:Kirtan Ghosha.pdf/৬৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৪ ]
৬৩৯
ঘুনুচা-কীৰ্ত্তন


কতো দূৰে গৈয়া বেঢ়িয়া ধৰে।
লক্ষ্মীৰ সৈন্য়ে বেত-বাড়ি মাৰে॥ ৫৯
ভুকু লাঠি কিল মাৰে চৱৰ।
হাত এড়াই দেয় লৱৰ॥
পসাৰ পাতিয়া আছে পসাৰী।
সাতে-পাঞ্চে গৈয়া বেড়িয়া ধৰি॥ ৬০
বেত-বাড়ি মাৰি তাইক খেদাই।
সমস্তে দ্ৰব্যক লুড়িয়া খাই॥
দুৱাৰ মাৰিয়া গৃহ সোমাই।
লুকাইবে নৱাৰি অন্তৰি যাই॥ ৬১
ছৱালি ধৰিয়া আস্ফালে তুলি।
কান্দিয়া ফুৰে আই বাপু বুলি॥
কোবায়া ভাঙ্গয় দধিৰ ভাণ্ড।
ঘুনুচা-নগৰ কৰে উচাণ্ড॥ ৬২
ভাল ভাল বস্তু লোৰে গুৱালে।
আঞ্চোৰে ধৰি কাৰো বস্ত্ৰ ফালে॥
লৱড়া-লৱড়ি কৰি পলাই।
নগৰ ছাড়িয়া দুৰক যাই॥ ৬০
পাইলে পাইলে বুলি উলটি চাৱে।
সমস্তে নগৰ ভাগিয়া যাৱে॥


পা* ৫৯॥ সৈন্য়ে বেত-বাড়ি–কটকে বেঢ়িয়া। উচাণ্ড-লণ্ডভণ্ড।
 ৬৪॥ সমস্তে•••••উজৰে॥-
 আঁড় হুয়া কতো ভুমুকিয়াই॥
 প্ৰজাৰ বিপত্তি কি কৈবো আৰ।
 সমস্ত নগৰ কৰে উজাৰ॥

৪১