পৃষ্ঠা:Kirtan Ghosha.pdf/৬৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩৮
[ পৰিশিষ্ট ১
কীৰ্ত্তন-ঘোষা


আজি গৈয়া লাগ পাইবো  সতিনীৰ মুণ্ড খাইবো
 কৰিবো উচিত যাদৱাৰ।
এহি বুলি যান্ত চলি  দণ্ড ছয় ভৈল বেলি
 নগৰৰ পাইলন্ত দুৱাৰ॥
শুনিয়োক সৰ্ব্ব লোক  সুখে মোক্ষ সাধিয়োক
 এড়ি সৱে ভাষ-ভূষ কাম।
দুৰ্ঘোৰ সংসাৰ হেলি  বৈকুণ্ঠক যাইবা চলি
 নিৰন্তৰে বোলা ৰাম ৰাম॥ ৫৬


চতুৰ্থ কীৰ্ত্তন

ঘোষা॥ যদুৰায়
 কেনে আইলা দৌলৰ বজাই ঐ যদুৰায়॥ ৪

পদ॥ যাদৱত আতি কোপ আশেষ।
 ভৈলন্ত দ্বাৰত লক্ষ্মী প্ৰৱেশ॥
 পৰিচায়ে দিলে বেতৰ বাড়ি।
 পলাইলা দ্বাৰী দুৱাৰক ছাড়ি॥ ৫৭
 শকটক ৰাখি লক্ষ্মী তৈত ৰৈলা।
 লগৰ কটক নগৰে গৈলা॥
 নগৰীয়াসৱে কৰি উসমিস।
 ভয়তে সৱে পলায় দশো দিশ॥ ৫৮
 লৱড়া-লৱড়ি কৰি পলাই।
 লক্ষ্মীৰ কটকে খেদিয়া যাই॥