এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
২
কীৰ্ত্তন ২3
ঘুচ-কীর্তন
দ্বিতীয় কীর্তন
ঘােষা। জগন্নাথ হৰি নিয়ে দুশি কৰি ॥২
প। এহিমতে জগন্নাথ যাই দৌল ছাড়ি।
কৌতুকতে চলি যান্ত ঘুমুচাৰ বাড়ী।
গােপগণে শকট আঝুড়ি নেই বলে
কীৰ্তন কৰিয়া যায় পৰিচাসকলে । ১৭
উৎসৱ কৰিা যায় পাণ্ডা নিৰন্তৰ।
আত অনন্তৰে প্ৰভু জগত-ঈশ্বৰ।
বেলা তৈল প্ৰহৰেক দেখি দেৱ হৰি।
লাগি গৈল ক্ষুধা ত কাশে ততৰি। ১৮
বহিল শকটধান আগক নচলে।
শৰীৰৰ বল দিয়া আঝোড়ে গােৱালে ।
মনে জিজ্ঞাসিয়া পাছে পৰিচালকল।
জানিলেক ফলাহাৰ-বেলা আসি ভৈল ॥ ১৯
অনন্তৰে দধি দুধ ঘন ক্ষীৰ স্মৃত।
দিব্য পদ্ম-চিনি চিড়া গুৰ পঞ্চামৃত।
আনাে নানা ভােগ্য বস্তু আন উপহাৰ।
আনন্দে কৃষ্ণক কৰাইল ফলাহাব।
সুর্ণ ভূঙ্গাৰ ধৰি মুখ পথালিল।
কৰ্পৰ তাহুল আনি মুখ-শুদ্ধি দিল।
ফলাহাৰ কৰি তুষ্ট ভৈলা দেৱ হৰি।
চলিল শকটখান মহা ঐ কৰি ২১