পৃষ্ঠা:Kirtan Ghosha.pdf/৬৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১
৬২৫
ঘুনুচা-কীৰ্ত্তন


শকটত চড়ি ঘুনুচাৰ বাড়ী
 চলি যান্ত যদুৰায়॥৫
লক্ষ্মীৰ সেৱক  লগে চলি যায়
 গৃহে এক পাণ্ডা ৰৈলা।
যতেক পৰিচা পাত্তা নিৰন্তৰে
 কৃষ্ণৰ সঙ্গে চলিলা॥
ডাইনে বলভদ্ৰ মধ্যত সুভদ্ৰা
 বামে চলে জগন্নাথ।
চৌভিতি আৱৰি জয়-ধ্বনি কৰি
 কোটি ব্ৰহ্মাণ্ডৰ নাথ॥ ৬
অনেক সুন্দৰী যাত্ৰা শুভ কৰি
  ডালি ফল লৈয়া হাতে।
উৰুলি-জোকাৰ উৎসৱ কৰিয়া
 দুৰ্ব্বাক্ষত সিঞ্চে মাথে॥
কেহো পঞ্চামৃত সিঞ্চে দিব্য পুষ্প
 বৰিবে শকট ভৰি।
জয় জয় বুলি চৌভিতি ঘোষয়
 যাত্ৰা-মহোৎসৱ কৰি॥৭
কাহালী মহৰী ঢাক ঢোল ভেৰী
 অসংখ্য যন্ত্ৰ বজাই।
কৃষ্ণৰ কীৰ্ত্তন কৰিয়া উৎসুকে
 ফাঁকু-গুৰি সিঞ্চৰাই॥


পা ৬॥ লগে চলি যায়-পাণ্ডা গুটি মাত্ৰ।
 গৃহে এক পাণ্ডা - অন্তেষপুৰত।