পৃষ্ঠা:Kirtan Ghosha.pdf/৬২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 


ষড়্বিংশ খণ্ড
ভাগৱতৰ তাৎপৰ্য্য
প্ৰথম কীৰ্ত্তন

ঘোষা॥ কৃষ্ণ-সুৰ্য্য় ভৈলন্ত উদিত।
 নাম-ধৰ্ম্ম কৰিলা বিদিত॥১

পদ॥ সত্য যুগে প্ৰথমত  ব্ৰহ্মা আদি দেব যত
 হৰি-নাম কৰিলা গুপুত।
 কিনো দয়াময় হৰি  নামক বেকত কৰি
 কলি-পাপ কৰাইলা লুপুত॥
 যিটো মহা ম্লেছ জাতি  সিও শুদ্ধ হোৱে আতি
 মুখে মাত্ৰ হৰি-নাম লয়।
 কলিৰ ভয়ত গৈয়া নামত শৰণ লৈয়া
 ৰহিল সমস্তে ধৰ্ম্মচয়॥ ১
 ইটো কলি কাল ঘোৰ  পাপৰ নাহিকে ওৰ
 আত হিত চিন্তিলা প্ৰজাৰ।
 জগতৰে পাপ হৰে  স্মৰণে নিস্তাৰ কৰে
 হেন নাম কৰিলা প্ৰচাৰ॥