পৃষ্ঠা:Kirtan Ghosha.pdf/৬২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১৪
খণ্ড ২৫
কীৰ্ত্তন-ঘোষা

জগন্নাথ-নামৰ মহিমা কৈবো কত।
মহাপ্ৰসাদৰ আৱে শুনিয়ো মহত॥
যত ফল পাৱে যজ্ঞ হোম তপ দানে।
যেন ফল পাৱে তুলা-পুৰুষ-প্ৰদানে॥ ২১৯
যেন ফল লভে ভুঞ্জাই ব্ৰাহ্মণ কোটিক।
পাৱে মহাপ্ৰসাদ ভক্ষণে ততোধিক॥
পিতৃ-শ্ৰাদ্ধ দিনা আনি বিষ্ণুৰ অন্নক।
ভক্তিভাৱে দেয় যিটো পিতৃক দেৱক॥২২০
অন্নে পিণ্ডে দেয় যিটো তিলে মিশলাই।
কোটি কল্প মানে তৃপ্তি হোন্ত পিতৃ খাই॥
মহাপ্ৰসাদত যত্নে এড়িবা বিচাৰ।
নাহি কিঞ্চিতেকে যেন ব্ৰহ্মত বিকাৰ॥ ২২১
বিষ্ণুৰ নৈৱেদ্য যত অন্ন পিঠা-পনা।
ভক্ষ্যাভক্ষ্য তাহাৰে বিচাৰে যিটোজনা॥
হোৱে মন্দৰোগী তাক ভাৰ্য্যা পুত্ৰে এড়ে।
নাহিকে নিস্তাৰ ঘোৰ নৰকত পড়ে॥ ২২২
অন্ত্য বৰ্ণে হান বৰ্ণে যিটো অন্ন ছোৱে।
তাক ভুঞ্জি সমস্ত পাতকে মুক্ত হোৱে॥
ছোৱা-গঞ্জা বুলি যিটো অন্ন নখায় মোৰ।
বিপদ পাৱয় তাক কৰো দণ্ড ঘোৰ॥ ২২৩