পৃষ্ঠা:Kirtan Ghosha.pdf/৬২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

একবিংশ কীৰ্ত্তন

ঘােষা॥ ৰাম জগন্নাথ জগন্নাথ জগন্নাথ হৰি।
নমাে ৰাম জগন্নাথ জগন্নাথ হৰি॥২১

পদ॥ ব্রহ্মায়ে বােলন্ত ইন্দ্রদ্যুম্ন নৃপতিক।
জানিবা উৰেষা সৰ্ব্ব তীর্থতে অধিক॥
ক্ষেত্ৰৰ মহিমা মানে কহিলাে সকল।
শুনা জগন্নাথ-নাম-কীৰ্ত্তনৰ ফল ॥ ২১৫
জগন্নাথ-নাম ইটো পৰম ৰহস্য।
তাক সদা লৱে যিটো কৰি মন বশ্য॥
সিটোজনে অপ্রয়াসে ছিণ্ডে কৰ্ম্ম-বন্ধ।
হাততে মুকুতি তাৰ নলাগে প্রবন্ধ ॥ ২১৬
শিৱত সাক্ষাতে কহি আছন্ত শ্রীহৰি।
নাহি আন ধৰ্ম্ম জগন্নাথ-নাম-সৰি॥
জগন্নাথ নাম যিটো সুমৰে সতত।
ক্ষমিব তাহাৰ নিতে অপৰাধ শত॥ ২১৭
জগন্নাথ নাম যিটো হেলায়ে উচ্চৰে।
ব্ৰহ্ম-হত্যা আদি পাপ পলায় তাক ডৰে॥
এড়িলে আচাৰ যিটো খাইলে জ্ঞান পুলি।
বিষ্ণুত প্ৰৱেশে সিও জগন্নাথ বুলি ॥ ২১৮