পৃষ্ঠা:Kirtan Ghosha.pdf/৬২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১২
[খণ্ড ২৫
কীৰ্ত্তন-ঘোষা

যেৱে মহা জ্যেষ্ঠা মিলে নক্ষত্ৰ-সংযোগ।
ক্ষেত্ৰক যাইবেক নৰে পৰম উদ্যোগ॥
ৰাম কৃষ্ণ সুভদ্ৰাক দেখিব যতনে।
দ্বাদশ যাত্ৰাৰ ফল লবি তেখণে॥ ২১১
প্ৰয়াগ প্ৰমুখ্যে তীৰ্থ আছে যত মানে।
যেন ফল পাৱে তাসম্বাত স্নান-দানে॥
সূৰ্য্য-গ্ৰহণৰো যত পুণ্য নিৰন্তৰে।
পাৱে মহাজ্যৈষ্ঠীত কৃষ্ণক দেখি নৰে॥ ২১২
মহাসুখে এক শত কুলক উদ্ধৰি।
বিষ্ণু-লোকে ভুঞ্জে ভোগ্য সংখ্যা কৰি॥
দুনাই দ্বিজ হুয়া কৰে বিষ্ণুত ভকতি।
বিষ্ণু-যোগ লভি সাধে পৰম মুকুতি॥ ২১৩
ব্ৰহ্মায়ে বোলন্ত শুনিয়োক মুনিগণ।
কহিলো তোমাত সৱে ক্ষেত্ৰৰ লক্ষণ॥
বুলিয়োক আৰ কিবা শুনিবাক বাঞ্ছা।
বোলা হৰি হৰি যাৰ বৈকুণ্ঠক ইচ্ছা॥ ২১৪