পৃষ্ঠা:Kirtan Ghosha.pdf/৬২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২০]
৬১১
উৰেষা-বৰ্ণন


প্ৰণাম কৰন্ত পড়ি হুয়া শুদ্ধ-মতি।
সিও বিষ্ণু-লোকক আনন্দে কৰে গতি॥ ২০৬
ফাল্গুনীত গোবিন্দক তুলিয়া দোলত।
দোল-যাত্ৰা কৰে মহোৎসৱে সিবেলাত॥
তাত গোৱিন্দক যত্নে দেখে যিটোজনে।
গোৱিন্দৰ পুৰে সিও বঞ্চে ৰঙ্গমনে॥ ২০৭
বিষুদিনা বিধিৱতে পঞ্চ তীৰ্থ কৰি।
শুদ্ধমনে দেখয় সুভদ্ৰা ৰাম হৰি॥
সিওজনে সমস্ত যজ্ঞৰ ফল পাইব।
পাতক নিস্তৰি বিষ্ণু-ভুৱনক যাইব॥২০৮
বৈশাগ মাসৰ শুক্লা তৃতীয়া তিথিত।
কৰাৱে চন্দন-যাত্ৰা আতি বিপৰাত॥
চন্দনে ভূষিত কৰি কৃষ্ণৰ শৰীৰ।
তাঙ্ক দেখি যাইব নৰ বিষ্ণুৰ মন্দিৰ॥ ২০৯
মিলে জ্যৈষ্ঠে জ্যেষ্ঠা ৰাশি ঋক্ষ-যোগে।
ক্ষেত্ৰক যাইবাক নৰ পৰম উদ্যোগে॥
উদ্ধৰি একৈশ কুল তাসম্বে সহিতে।
মহাৰঙ্গে বঞ্চে সিটো বিষ্ণুৰ পুৰীতে ॥ ২১০


পা ২০৭॥ ফাল্গুনীত—ফাল্গুনত
 (ফাল্গুন্যা প্ৰবতো ভূত্বা-ব্ৰহ্মপু ৬৩।১৮)।
২১০॥ জ্য়েষ্ঠা ৰাশি - জেষ্ঠী আছি, জৈষ্ঠীবাসী।