এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৯
৬০৯
উৰেষা-বৰ্ণন
জলত নামিয়া পাছে অঙ্গ-ন্যাস কৰি।
পঢ়িব কৱচ মনে নাৰায়ণ স্মৰি॥
মঞি নাৰায়ণ শঙ্খ-চক্ৰ-গদা-পাণি।
হেন চিন্তি উচ্চাৰিব ইটো মন্ত্ৰ বাণী॥ ১৯৮
ভূমি অগ্নি সমস্ত ভূততে শ্ৰেষ্ঠ তুমি।
জীৱৰো ঈশ্বৰ অমৃতৰো জন্ম-ভূমি॥
নাথ তীৰ্থৰাজ কৰো তোমাক প্ৰণাম।
হৰিয়ো পাতক দিয়া অভিমত কাম॥ ১৯৯
হেন উচ্চৰিয়া বিধিৱতে স্নান কৰে।
তেৱেসে স্নানৰ সৱে ফল পাৱে নৰে॥
অন্তৰ্জলে নামি কৰি অঘ-মৰিষণ।
তীৰত উঠিয়া পাছে পিন্ধিব বসন॥ ২০০
সন্ধ্যা আচৰিব কৰি সূৰ্য্যক বন্দন।
তিলে জলে বিধিৱতে কৰিব তৰ্পণ॥
শৰীৰত থৈয়া তিল পিতৃক তৰ্পয়।
ৰুধিব মাংসক সৱে পিতৃক অৰ্পয়॥ ২০১
জলে থাকি জলাঞ্জলি নিদিব ভূমিত।
থলে থাকি জলত নেদিব কদাচিত॥
জলত থাকিয়া কৰে থলত তৰ্পণ।
ব্যৰ্থ হুই তাৰ নপাৱন্ত পিতৃগণ॥ ২০২
৩৯