পৃষ্ঠা:Kirtan Ghosha.pdf/৬১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০৮
[ খণ্ড ২৫
কীৰ্ত্তন-ঘোষা

সেহি ঠাইতো গৈয়া তাঙ্ক নমস্কাৰ কৰি।
বিষ্ণুপুৰী পাৰে নৰে পুৰুষ উদ্ধাৰি॥ ১৯৩
তুহিতে আছন্ত নৰসিংহ-ৰূপ হৰি।
মহা ভক্তিভাৱে তাঙ্ক নমস্কাৰ কৰি॥
নাহিকে সংশয় এড়াই পাতকসকল।
ধৰ্ম্ম অৰ্থ কাম মোক্ষ পাৱে চাৰি ফল॥ ১৯৪

অনন্তক নমে গৈয়া মহাভক্তিভাৱে।
পাপ ছাড়ি পৰম পদক সিও পাৱে॥
মঞি ইন্দ্ৰে পূজিলোহো ৰামে বিভীষণে।
হেন অনন্তক আৰ নুপূজিবে কোনে॥ ১৯৫

শ্বেত গঙ্গা-জলে বিধিৱতে স্নান কৰে৷
পাছে শ্বেত মাধৱক দেখি যিটো নৰে॥
মৎস্য মাধৱক গৈয়া হোৱে দৰশন।
অন্তকালে কৰে শ্বেত-দ্বীপক গমন॥ ১৯৬

পাছে চলি যাইব যৈত আছে স্বৰ্গ-দ্বাৰ।
আলিঙ্গিয়া কাষ্ঠক কৰিব নমস্কাৰ॥
দেখি উগ্ৰসেন গৈয়া সাগৰৰ তীৰ।
বিষ্ণুক চিন্তিব তৈত চিত্ত কৰি থিৰ॥ ১৯৭


পা* ১৯৭॥ গৈয়া—গোট।