পৃষ্ঠা:Kirtan Ghosha.pdf/৫৯৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তন ১ ] উষেধান যেন নীল বৈদুৰ্য শৰীৰে কৰে কান্তি । হৃদয় মধ্যত জ্বলে শুক্ল লােম-পাত্তি ॥১১১ পীত বস্ত্রে শােভে তনু কটিত মেখলা। কণ্ঠত কৌস্তুভ শােভে গলে বনমালা। কিৰীটি কুণ্ডল হাৰ কেয়ুৰ কঙ্কণ। সর্বাঙ্গে প্রকাশে মহাৰৰ ভূষণ ॥ ১১২ নুপুৰে ৰঞ্জিয়া আছে পাদপদ্ম দুই। যাক দেখি ধ্যানত ভকত সুখী হুই। প্রসন্ন বদন জ্বলে কমললােচন! যাক দৰশনে হােৱে পাতক-মােচন। ১১৩ যুগান্তৰ সূৰ্য্য যেন আছন্ত প্রকাশি। ৰাজাক বুলিলা হেন বাণী হৰি হাসি। কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে সম্প্রতি।। বােলা হৰি হৰি সৱে হৌক সদগতি। ১৯১৪