পৃষ্ঠা:Kirtan Ghosha.pdf/৫৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮৪
[খণ্ড ২৫
কীৰ্ত্তন-ঘোষা

মহাযজ্ঞ বিদ্যা-দানে কোন কাৰ্য্য কৰে।
মহাউগ্ৰ তপ কৰি মিছাতেসে মৰে॥
জগতৰ গুৰু মোক্ষদাতা নাৰায়ণ।
তাহান নকৰে যিটো শ্ৰৱণ-কীৰ্ত্তন।৷ ১০৭
সিসি ধন্য সিসি শুদ্ধ সেহিসে পণ্ডিত।
যজ্ঞে তপে গুণে সিসি শ্ৰেষ্ঠ অখণ্ডিত।৷
সিসি সত্যবাদী দাতা জ্ঞাতা জগতত।
যাহাৰ ভকতি আছে কৃষ্ণ চৰণত।৷ ১০৮
হেন স্তুতি কৰি ইন্দ্ৰদ্যুম্ন মহাৰায়।
ভূমিত পড়িলা বস্ত্ৰ কুশক বিছাই।৷
মহাচিন্তাৱিষ্ট হুয়া কৰিলা শয়ন।
কেনমতে হৈব মোৰ কৃষ্ণ-দৰশন॥ ১০৯
হেন মনে চিন্তি নিদ্ৰা গৈল নৃপবৰ।
স্বপ্নত ৰাজাক দেখা দিলা দামোদৰ।৷
জগত-গুৰুক ৰাজা দেখিলা সাক্ষাতে।
আঠ অস্ত্ৰ ধৰি আছা আঠখান হাতে॥১১০
শঙ্খ চক্ৰ গদা পদ্ম চাৰু বাৰু অসি।
সাৰঙ্গক ধৰি আছ৷ গৰুড়ত বসি॥


পা ১০৮॥ গুণে—ব্ৰতে
 ১১১। সাৰঙ্গক-সাৰঙ্গবাণ।