এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১০
৫৮৩
উৰেষা-বৰ্ণন
ঘোষা।৷ হৰি গোৱিন্দ দায়াময় মুৰাৰি ৰাম।
মুখে মোৰ নছাৰোক কৃষ্ণ-বিষ্ণু-নাম।৷ ১০
পদ।৷ ব্ৰহ্মায়ে বোলন্ত শুনিয়োক মুনিগণ।
ভৈলন্ত গৰুড়-ধ্বজ স্তোত্ৰত প্ৰসন্ন।৷
দিলন্ত ৰাজাক মন-বাঞ্ছিত সকল।
কাৰুণ্য-স্তোত্ৰৰ আৱে শুনা যেন ফল।৷ ১০৩
হৰিক পূজিয়া যিটো নিতে কৰে স্তুতি।
তাহাৰ হৈবেক জানা অৱশ্যে মুকুতি।৷
ত্ৰিসন্ধ্যাত পঢ়ে যিটো স্তোত্ৰ শ্ৰেষ্ঠতৰ।
ধৰ্ম্ম অৰ্থ কাম মোক্ষ পাৱে নিৰন্তৰ।৷ ১০৪
যিবা পঢ়ে যিবা শুনে শুনাৱে আনক।
পাপ ছাৰি সিও যায় বিষ্ণুৰ স্থানক॥
যিটো দুষ্ট-শঠে কৰে বেদক লুপুত।
তাত নকহিবা স্তোত্ৰ পৰম গুপুত॥ ১৫
বিষ্ণু-ভকতক আক দিবা উপদেশ।
কহিলো কাৰুণ্য-স্তৰ তোমাত নিঃশেষ॥
দেৱ মাধৱক ধ্যান কৰে যিটো নিত্য।
বিষ্ণুত প্ৰৱেশে যেন অগনিত ঘৃত॥ ১০৬
পা ১০৫॥ দুষ্ট শঠে—দুষ্টসৱে। ১০৬॥ আক—আৱে।
.