পৃষ্ঠা:Kirtan Ghosha.pdf/৫৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮২
খণ্ড ২৫
কীৰ্ত্তন-ঘোষা


দেৱাসুৰ নৰে তোমাক আৰাধি
 পাইলেক পৰম সিদ্ধি।
জানিয়া তোমাক নুপূজিবে কোনে
 তুমি ভকতৰ নিধি॥ ১০০
স্তুতি কৰিবাক নৱাৰে তোমাক
 ব্ৰহ্মা আদি দেৱঝক।
মনুষ্য-বুদ্ধিয়ে কেনমতে মঞি
 কৰিবো স্তুতি তোমাক॥
যিটো মুঢ়ভাৱে কৰিলোহো স্তুতি
 তাকে ক্ষমিয়োক মোক।
যদি অপৰাধ কৰে তথাপিতো
 ক্ষমা কৰে সাধু লোক॥ ১০১
হেন জানি প্ৰভু হুয়োক প্ৰসন্ন
 তোমাৰ ভকত আমি।
ভক্তিভাৱে যিটো  কৰিলোহো স্তুতি
 সাঙ্গ হোক সৱে স্বামী॥
প্ৰভু বাসুদেৱ তোমাৰ চৰণে
 কৰো মঞি নমস্কাৰ।
আন কাম এড়ি  বোলা হৰি হৰি
 পুৰুষ হৌক উদ্ধাৰ॥ ১০২