পৃষ্ঠা:Kirtan Ghosha.pdf/৫৮৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সঙন কীর্তন ঘােষ ॥ হৰি গােৱিন্দ কৃষ্ণ জয় জগন্নাথ। পদ : যজন্তু বেড়ি যত ব্ৰহ্মঋষি। কৃষ্ণক অৰ্চন্ত ৰাজা হৰিষি। কৰিলন্ত হােম কোটি প্রমাণ। ৰথ গজ বাজী দিলস্ত দান। ৭১ কোটি কোটি ৰথ গ্রাম নগৰ। দাসী দাস ধেনু বৃষ বিস্তৰ ৷ যেহি লাগে খােজে যতেক প্রজা। নাহিকে নেদো নােবােল ৰাজা ॥ ৭২ পুৰিলা মনােৰথ সমস্তৰ। হৃষ্ট-পুষ্ট ভৈল সমস্তে নৰ । সকল ঋষিক বােলন্ত বাণী। প্রত্যেকে যাবে নােন্ত চক্রপাণি ॥ ৭৩ প্ৰৱৰ্তাৱা তাৱে যজ্ঞ আমাৰ। এহি বুলি দান দেন্ত আপাৰ। কোনে কৰিবেক দানৰ সীমা। যজ্ঞৰ পৰম দেখি মহিমা ॥ ৭৪