পৃষ্ঠা:Kirtan Ghosha.pdf/৫৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৬
৫৭৩
উৰেষা-বৰ্ণন

শুনি পুৰোহিত গৈয়া অনেক যতনে।
সাজিলন্ত বেদী-খণ্ড সুৱৰ্ণে ৰতনে॥ ৬৭
ৰত্নময় প্ৰাসাদ সজাইলা একশত।
সুৱৰ্ণে ৰচিত তম্ভ লগাইল গৃহত॥
ঠাই ঠাই পোতাইলন্ত বৃহত তোৰণ।
মণি-মুকুতাৰ মালা কৰি আভৰণ॥ ৬৮
ব্ৰাহ্মণক লাগি গৃহ সজাইল আপাৰ।
ভক্ষ্য ভোজ্য পঞ্চামৃত মিলাইল সম্ভাৰ।৷
অনেক নৃপতি ব্ৰাহ্মণৰ ধৰে আল।
স্বৰ্গক লঙ্ঘিল গৈয়া বাদ্যৰ ঘঞ্চাল॥ ৬৯
সুৱৰ্ণ বিনাই আন নাহিকে ভাজন।
দেখি ইন্দ্ৰদ্যুম্নৰ আনন্দ ভৈল মন।৷
আৰম্ভিল যজ্ঞ যেন বিধি-ব্যৱহাৰ।
হৰি হৰি বুলি তৰা দুৰ্ঘোৰ সংসাৰ॥৭০