পৃষ্ঠা:Kirtan Ghosha.pdf/৫৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭২
[খণ্ড ২৫
কীৰ্ত্তন-ঘোষা

ৰাজাৰ আদেশ কহি পৰ্য্যটিল দূত৷
চাৰিও দিশৰ ৰাজা আসিল বহুত॥ ৬২
হেন দেখি ইন্দ্ৰদ্যুম্ন মহা তুষ্ট মন।
সৱ নৃপতিক চাহি বুলিলা বচন।৷
ইটো মহাক্ষেত্ৰ-ভূমি মুকুতি-কাৰণ।
আতে অশ্বমেধে যজিবোহে নাৰায়ণ॥ ৬৩
বান্ধি দৌল দেৱ থাপিবোহো যেন বিধি।
কেনমতে মোৰ ইটো কাৰ্য্য হোৱে সিদ্ধি।৷
তুমিসৱ হোৱা আৱে সহায় আমাৰ।
হৈবো বুলি সবেও কৰিলা অঙ্গীকাৰ।৷ ৬৪
সুৱৰ্ণ মাণিক মণি মুকুতা আপাৰ।
গজ বাজী ৰথ বস্ত্ৰ যতেক সম্ভাৰ॥
ভক্ষ্য ভোজ্য যত লাগিবে যত যত।
দিলে ৰাজাগণে ইন্দ্ৰদ্যুম্নৰ আগত।৷ ৬৫
দেখি ৰাজা ৰত্নময় যজ্ঞৰ সম্ভাৰ।
আনিলন্ত বিপ্ৰ ঋষি তপস্বী আপাৰ।৷
উপাধ্যায় আচাৰ্য্য সদস্য পাত্ৰঝাক।
দেখি পুৰোহিতক বুলিলা ৰাজা বাক॥ ৬৬
বিপ্ৰ ঋষিগণ সমে চলিয়োক তুমি।
নিৰ্ম্মিয়োক সৱে গৈয়া মহাযজ্ঞ-ভূমি।৷