পৃষ্ঠা:Kirtan Ghosha.pdf/৫৮২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


উৰে-বৰ্ণন পূজিয়া পৱিত্ৰ কৰিয়া থান। দিল ৰাজা পাছে অর্ধ দান মিলিল উৎসৱ ক্ষেত্ৰক ভৰি। পলাওক পাপ বােলা হৰি হৰি । ৫৯ যষ্ঠ কীর্তন ঘােষর জয় গােৱিন্দ দয়াশীল জয় জগন্নাথ। মাধৱ প্ৰণামম ভূমিত থৈয়া মাথ। পদ। অনন্তৰে ইন্দ্রদ্যুম্ন ৰাজা ৰাজেশ্বৰ। কলিঙ্গপতিক মাতি দিলন্ত উত্তৰ। বিন্ধ্য পর্বতক যাহা ৰাজাগণ লই। ভদ্রতৰ শিলাক শকটে আনা বই ॥ ৬০ দৌল সাজি দেবতাক থাপিবাে সম্প্রতি। হেন শুনি চলি গৈল কলিঙ্গ-নৃপতি। মন্ত্ৰীক মাতিয়া পাছে ৰাজা আদেশয়। চাৰিও দিশক লাগি পাঞ্চা দূতচয় # ৬১ আনােক হাক্কাৰি ৰাজাগণ নিৰন্তৰ। চতুৰঙ্গ সেনা লৈয়া আসােক সত্বৰ ৷